Tags

, , , , , , , , , , , , ,

#AntaripaReadsForAdvaitam, #AdvaitamPoetryReadings , #AdvaitamPoetryMovement, #AdvaitamSpeaksLiterary, #বিদেশীকবিৰঅসমীয়াঅনুবাদ

Aleksandra Radaković, was born in 1993 in Kraljevo (Serbia). She graduated the Faculty of Law in Belgrade. She is currently pursuing her Masters of Cultural Studies at the Faculty of Political Science in Belgrade. She published “Polazište”, a book of poetry, essays and travel notes. She is the owner of the production company ArteTim, where she produces film content with her TV team. She works as an editor and PR manager at Belgrade ARTE Publishing House. She is the PR of the Kantfest Composers Festival in Belgrade, the Inđija PRO POET International Literature Festival and the Serbian Culture Daysi in Istria (Croatia). She has participated in many International Literature, Film and Art Festivals in over twenty countries. Her works are published in numerous volumes and translated into six languages. She works and lives in Belgrade.

~ Antaripa Dev Parashar reads Serbian poet Aleksandra Radakovic’s poem ফুলাম অভিব্যক্তি . Assamese translation by Debasish Parashar. ~

Through Flowers

The sky has lit its brightest lantern,
and gold-winged stars have perched themselves beneath the clouds,
where they spin the most delicate web of dreams.
You ask me what sense means?
What love is?
Why I defend Karenina and curse Vronsky,
why my favorite love story is the one
between Mayakovsky and Tatyana Yakovleva,
a love that never really happened,
but was showed through flowers.
Those flowers that kept arriving to her
Despite and in spite of everyone else.
Close your eyes and listen to the silence.
Dive into infinity.
Throw the hook into the blue guts of the skies
And you will realize…
We are mere grains of dust
that for a moment sparkled on the ground.
New life will never be
justification for death.
All the rivers flow into our bloodstreams
and each mountain takes breath with our lungs.
All seeds ripen inside us,
inside our wombs
and your chests.
And everything is simple, though it seems difficult,
but we are unprepared to think in a simple manner.
The entire universe lies shrank inside of the pupils,
just look closely and in every man
you will see a sobbing child, trapped,
and life itself is so childish.
And then you ask me what love is?
Our desire for existence,
for entropy and decomposition…
The desire not to burn out
like the gold-winged stars that nest
under the wings of the Moon.
Like the lightning that
deflowers heavens and vanishes.
And you know, love is justification.
It gives sense to senselessness
And light to the darkness.
It smells just like those bouquets
Which long after Mayakovsky
Kept arriving at her door.

ফুলাম অভিব্যক্তি

আকাশে জ্বলাইছে তাৰ উজ্জ্বল চাকিগছি
সোণ পাখিৰ তৰাবোৰে চমকাইছে
থুনুকা সপোনৰ মায়াজাল গুঠিবলে
কপাহী মেঘৰ তলি।
তুমি সোধা ইন্দ্ৰীয়ৰ সংবেদন কি?
প্ৰেম কি?
কিয় সমৰ্থন কৰো কাৰেনিনাক
আৰু ভ্ৰনস্কিক দিও কিয় অভিশাপ?
কিয় মোৰ প্ৰিয়
টাটিয়ানা য়াক’ভলেভা আৰু মায়ক’ভস্কিৰ প্ৰেমৰ কাহিনী
অনাস্বাদিত অপূর্ণ প্ৰেম
প্ৰেম নহয় যেন ফুলৰ দিয়া-লোৱাৰ সীমাহীন ভালপোৱা
প্ৰতিদিনেই তাইৰ ঠিকনাত অহা অপ্ৰত্যাশিত ফুলবোৰ
প্ৰয়োজন আৰু প্ৰাপ্তিৰো উৰ্দ্ধৰ ফুলৰ বুকে’বোৰ

চকুহাল জপাই শুনাছোন নিৰৱতাৰ শব্দ
অসীমত হেৰোৱাছোন
আকাশৰ নীল গহ্বৰত দলিয়াই দিয়াচোন বান্ধোনৰ শিকলি
বুজি পাবা
মাটিৰ বুকুত ক্ষন্তেক চমকি উঠা
আমি কেৱল মাথো ধূলিকণা

মৃত্যুৰ সঠিক উত্তৰ নতুন জীৱন নহয়
আমাৰ সিৰা-উপসিৰাইদি ৰক্তমুখী সকলো নৈ
আমাৰ কলিজাতেই ধপধপাই প্ৰতিটো পাহাৰ
আমাৰ দেহত শিপাই সকলো বীজ
আমাৰেই গৰ্ভত আৰু তোমাৰ বুকুত
কঠিন যেন লাগিলেও সহজেই সকলো
ভাবিব নোৱাৰো আমিয়েই সৰল সমীকৰণ
অনভ্যাস অপ্ৰস্তুত।

চকুৰ মণিতেই ডুব যায় ব্ৰহ্মাণ্ড এখন
চোৱাচোন এবাৰ কাষৰপৰা প্ৰতিজনকে সযতনে
দেখিবা এক ক্ৰন্দনৰত বন্দী শিশু
অনভিজ্ঞ জীৱন
তেতিয়াও সুধিবা ভালপোৱা কি??
অস্তিত্বৰ অনল বাসনা
উপস্থিতি আৰু অৱক্ষয়
জোনবাইৰ ডেউকাৰ ছাঁয়াত জিৰণিত জীণ যোৱা সোণপাখী তৰাৰ দৰে
জ্বলি জ্বলি শেষ নোহোৱাৰ বাসনা
বহু স্বৰ্গৰ কুমাৰীত্ব হৰণ কৰি
ক্লান্ত চিকমিক বিজুলী।

তুমিও জানা, প্ৰেম যথাৰ্থতাৰ ভূৱা প্ৰদৰ্শন
অবান্তৰক দিয়া অৰ্থ
আন্ধাৰক দিয়া পোহৰ

সুগন্ধি প্ৰেমৰ মালিতা
মায়ক’ভস্কিৰ মৃত্যুৰ পিছতো
প্ৰেয়সীৰ ঠিকনাত অহা ফুলৰ ধুনীয়া বুকে’বোৰ
নিস্পাপ, অপ্ৰত্যাশিত আৰু ঠিকনাবিহীন।

~ Antaripa Dev Parashar reads Serbian poet Aleksandra Radakovic’s poem শ্ৰদ্ধাঞ্জলি . Assamese translation by Debasish Parashar. ~

Requiem

A silent requiem for all the poets that have

lost their poetry somewhere between sense and the absurdity

of inspiration.

A most solemn requiem for all the painters, who have, with strokes

of their brushes, dimmed the skies and abstracted birds.

Painters who have stuffed themselves full with red and ashen blue,

painting the world with their livid hands.

A most admirable requiem for all the artists

who are in search of themselves between I am and I will be,

between restrictions and canons…

For all the revolutionaries, rebels, kamikazes.

For girls who grow up too soon,

and boys who carry a rifle instead of a ball.

A requiem for all dreamers and fools,

for rascals and drunkards, for lovers and those who were deceived.

For every tear, every smile, for each forgiveness.

A requiem in D major for all the musicians who have lost their hearing,

for Beethoven, Mozart…

For all the mornings of unfinished dreams

and all the sleepless nights, in which we search for each other.

For every hope-leaden beginning

and each predictable end.

“For every fall from the stars

onto the concrete of a tavern table.”

শ্ৰদ্ধাঞ্জলি

অনুপ্ৰেৰণাৰ চেতনা আৰু সংজ্ঞাহীনতাৰ
মাজৰ কোনোবা এঠাইত
কবিতাক হেৰুওৱা সকলো কবিলৈ
নীৰৱ শ্ৰদ্ধাঞ্জলি

ৰং তুলিকাৰে আকাশ নুমুওৱা, চৰাইবোৰ ধূসৰ কৰা
তেজাল ৰঙা আৰু ছাঁইবৰণীয়া নিলাৰে নিজক পূৰ্ণ কৰা,
জীৱন্ত হাতেৰে পৃথিৱীৰ ছবি অঁকা সকলো চিত্ৰকৰলৈ
অতিকৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি

বৰ্তমান আৰু ভৱিষ্যতৰ দোমোজাত
অযুত বাধা আৰু শৈল্পিক মাপদণ্ডৰ দোমোজাত
আত্মানুসন্ধানত ব্ৰতী সকলো শিল্পীলৈ
আন্তৰিক শ্ৰদ্ধাঞ্জলি

সকলো বিপ্লবী, বিদ্ৰোহী কামিকাজীলৈ,
বয়সতকে ডাঙৰ জীয়ৰীবোৰলৈ
খেলনাৰ ঠাইত বন্দুক তুলি লোৱা ল’ৰাবোৰলৈ
সকলো স্বপ্নদ্রষ্টা আৰু মূৰ্খলৈ
পাষণ্ডবোৰ, মদাহীবোৰ, প্ৰেমিক আৰু প্ৰেমত
প্ৰত্যাখ্যিত সকলোলৈ
প্ৰতিটোপাল অশ্ৰু,প্ৰতিটো হাঁহি আৰু প্ৰতিটো
ক্ষমাৰ বাবে
নীৰৱ শ্ৰদ্ধাঞ্জলি

শ্ৰবণক্ষমতা হেৰুওৱা প্ৰতিজন সংগীতকাৰলৈ
বিথ’ভন আৰু মজাৰ্টলৈ
শ্ৰদ্ধাঞ্জলি দি মেজৰ স্কেলত….

অসম্পূর্ণ সপোনৰ সকলো ৰাতিপুৱাৰ বাবে
পৰস্পৰৰ সন্ধানত নিদ্ৰাহীন ৰাতিবোৰৰ বাবে
আশাময় প্ৰতিটো নতুন আৰম্ভণিৰ বাবে
আৰু প্ৰতিটো প্ৰত্যাশিত সমাপ্তিৰ বাবে
“মধুশালাৰ কনক্ৰিটৰ মেজত
আকাশৰপৰা খহি পৰা প্ৰতিটো তৰাৰ বাবে”
শ্ৰদ্ধাঞ্জলি।